
অপৰাধ বিনাশন
[৭১]
অপৰাধ বিনাশন তযু নামে নাৰায়ণ
জানি নামে পশিলো শৰণে,
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে॥
ত্বদীক্ষণ বশ ক্ষোভ মায়া খোধিত কৰ্ম্মভিঃ।
জাতান সংসাৰতঃ খিন্নান্ নৃহৰে পাহি নঃ পিতঃ॥ ৭২
[৭২]
তোমাৰেসে অবিদ্যায়ে আমাক মুহিলে হৰি
নাজানোহো তোমাৰ তত্ত্বক।
হে নাৰায়ণ, [দিনে-ৰাতিয়ে কিমান নকৰিব লগা কাম কৰি দোষ কৰোঁ তাৰ সংখ্যা নাই।] তোমাৰ নাম ললে অপৰাধ মৰ্ষণ হয় বুলি জানি তোমাৰ নামক আশ্ৰয় কৰিলোঁ। মৰণৰ সময়তো তোমাৰ নামৰ বাহিৰে আৰু মোৰ সম্বল নাই, [সেই সময়তো নামৰ বাহিৰে আৰু অন্য ধৰ্ম্ম আচৰিব নোৱাৰি; সেই গতিকে এতিয়াৰপৰা মই নামকে আশ্ৰয় কৰিলোঁ।] হে দয়াময় হৰি, মোৰ অপৰাধ ক্ষমা কৰি তোমাৰ চৰণত আশ্ৰয় দি মোক উদ্ধাৰ কৰা।


অসমীয়া প্ৰাৰ্থনা :
Related Post:
অসমীয়া প্ৰাৰ্থনা : মুক্তিত নিস্পৃহ যিটো
অসমীয়া প্ৰাৰ্থনা : ব্ৰহ্মা আদি কৰি
Hi everyone, it’s my first go to see at this site, and
paragraph is really fruitful in support of me, keep
up posting such content.