অসমীয়া কথাছবি :

প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি?
প্ৰথম অসমীয়া কথাছবি খনৰ নাম “জয়মতী “, ১৯৩৫ চনত মুক্তি পোৱা “জয়মতী” লক্ষ্মীনাথ বেজবৰুৱাৰ সতী জয়মতী’ নাটকৰ ওপৰত ভিত্তি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে, “জয়মতী “ কথাছবি খনৰ ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা ‘চিত্ৰবন ষ্টুডিঅ’ত কৰা হৈছিল।
অসমীয়া চিনেমাৰ জনক কোন?
অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।
প্ৰথম ভাৰতীয় চলচ্চিত্ৰ খনৰ নাম কি?
প্ৰথম ভাৰতীয় চলচ্চিত্ৰ খনৰ নাম আলম আৰা ।
প্ৰথম অসমীয়া সামাজিক নাটক খনৰ নাম কি?
প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম হৈছে ৰামনৱমী,
শংকৰদেৱৰ প্ৰথম নাটক খনৰ নাম কি?
শংকৰদেৱৰ প্ৰথম নাটক খনৰ নাম “চিহ্নযাত্ৰা“
প্ৰথমখন অসমীয়া বোলছবিৰ নাম কি?
প্ৰথমখন অসমীয়া বোলছবিৰ নাম “জয়মতী “
